Dataset Viewer
Auto-converted to Parquet
Search is not available for this dataset
src_lang
string
tgt_lang
string
src
string
tgt
string
eng_Latn
asm_Beng
We believe that it is the inalienable right of the Indian people, as of any other people, to have freedom and to enjoy the fruits of their toil and have the necessities of life, so that they may have full opportunities for growth.
আমি বিশ্বাস কৰোঁ যে ভাৰতীয় জনসাধাৰণৰো আন যিকোনো জনগোষ্ঠীৰ দৰেই স্বাধীনতা লাভ কৰাৰ আৰু নিজৰ কষ্টৰ ফল ভোগ কৰাৰ তথা জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় বস্তুবোৰ থকাটো মৌলিক অধিকাৰ, যাতে তেওঁলোকে বিকাশৰ পূৰ্ণ সুযোগ লাভ কৰিব পাৰে।
eng_Latn
asm_Beng
As Gandhi embarked on the Dandi Salt March, Patel was arrested in the village of Ras and was put on trial without witnesses, with no lawyer or journalists allowed to attend.
গান্ধীয়ে দাণ্ডী লোণ যাত্ৰাত নামি পৰাৰ লগে লগে পেটেলক ৰাছ গাঁৱত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু সাক্ষী অবিহনে বিচাৰত হাজিৰ কৰা হৈছিল, কোনো অধিবক্তা বা সাংবাদিক উপস্থিত থাকিবলৈ অনুমতি দিয়া হোৱা নাছিল।
eng_Latn
asm_Beng
He presents data that there was an adequate food supply in Bengal at the time, but particular groups of people including rural landless labourers and urban service providers like barbers did not have the means to buy food as its price rose rapidly due to factors that include acquisitions by the military, panic buying, hoarding, and price gouging, all of them connected to the war in the region.
তেওঁ তথ্য প্ৰদৰ্শন কৰে যে সেই সময়ত বংগত পর্যাপ্ত পৰিমাণে খাদ্যৰ যোগান আছিল, কিন্তু গ্ৰাম্য ভূমিহীন শ্ৰমিক আৰু নাপিতৰ দৰে নগৰীয়া অঞ্চলত সেৱা প্ৰদানকাৰী লোকসকলকে ধৰি কিছুমান বিশেষ শ্রেণীৰ লোকৰ খাদ্যসামগ্রী কিনিবৰ বাবে সম্বল নাছিল, কিয়নো মূল্যবৃদ্ধি দ্রুতগতিত বাঢ়িছিল; আৰু ইয়াৰ কাৰণ আছিল সামৰিক বাহিনীৰ দ্বাৰা অধিগ্ৰহণ, আতংকিত হৈ অত্যাধিক ৰূপত ক্ৰয় কৰা, গোপনে মজুত কৰি ৰখা, আৰু অত্যাধিক মূল্য বৃদ্ধি; আটাইবোৰেই অঞ্চলটোত চলি থকা যুদ্ধৰ সৈতে জড়িত আছিল।
eng_Latn
asm_Beng
The latter withdrew back to Hyderabad and eventually negotiated a new treaty with the British company in 1768.
পিছৰজনে হায়দৰাবাদলৈ উভতি আহিছিল আৰু অৱশেষত ১৭৬৮ চনত ব্ৰিটিছ কোম্পানীৰ সৈতে এক নতুন চুক্তি স্বাক্ষৰ কৰিছিল।
eng_Latn
asm_Beng
It was only after the success of films such as Ladki, Naukari, Miss Malaysia, Char Paise and Baap Re Baap that Kumar developed an interest in acting seriously, which resulted in him having successful films as the lead actor between 1955 and 1966.
লড়কী, নৌকৰী, মিছ মালয়েছিয়া, চাৰ পেইছে আৰু বাপ ৰে বাপ-ৰ দৰে চলচ্চিত্রসমূহ সফল হোৱাৰ পাছতহে কুমাৰৰ গুৰুত্ব সহকাৰে অভিনয় কৰাৰ প্ৰতি এক অগ্রহ জন্ম হৈছিল, যাৰ ফলস্বৰূপে ১৯৫৫ৰ পৰা ১৯৬৬ চনৰ মাজত মুখ্য অভিনেতা হিচাপে তেওঁ সফল চলচ্চিত্রসমূহ লাভ কৰিছিল।
eng_Latn
asm_Beng
His onscreen pairing with actresses Mala Sinha, Vyjayanthimala, Nutan, Madhubala, Meena Kumari and Kumkum gave the biggest hits in his career.
অভিনেত্ৰী মালা সিন্‌হা, বৈজয়ন্তীমালা, নূতন, মধুবালা, মীনা কুমাৰী আৰু কুমকুমৰ লগত তেওঁৰ ৰূপালী পৰ্দাৰ যুগলবন্দীয়ে তেওঁৰ কর্মজীৱনৰ আটাইতকৈ ডাঙৰ হিটসমূহ প্রদান কৰিছিল।
eng_Latn
asm_Beng
After the Lahore session of the Congress in 1929, Nehru gradually emerged as the paramount leader of the Indian independence movement.
১৯২৯ চনত কংগ্ৰেছৰ লাহোৰ অধিবেশনৰ পাছত নেহৰুৱে ক্ৰমান্বয়ে ভাৰতীয় স্বাধীনতা আন্দোলনৰ শীৰ্ষতম নেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল।
eng_Latn
asm_Beng
Nehru and most of the Congress leaders were ambivalent initially about Gandhi's plan to begin civil disobedience with a satyagraha aimed at the British salt tax.
প্ৰথম অৱস্থাত ব্ৰিটিছ লোণ কৰ সন্দৰ্ভত সত্যাগ্ৰহৰ জৰিয়তে আইন অমান্য আৰম্ভ কৰাৰ পৰিকল্পনাৰ বিষয়ে নেহৰু আৰু অধিকাংশ কংগ্ৰেছ নেতা দোধোৰ-মোধোৰ অৱস্থাত আছিল।
eng_Latn
asm_Beng
Although Gandhi did not explicitly designate Nehru as his political heir until 1942, as early as the mid-1930s, the country saw Nehru as the natural successor to Gandhi.
যদিও গান্ধীয়ে ১৯৪২ চনলৈকে নেহৰুক স্পষ্টভাৱে তেওঁৰ ৰাজনৈতিক উত্তৰাধিকাৰী হিচাপে মনোনীত কৰা নাছিল, ১৯৩০ চনৰ মাজভাগলৈকে দেশখনে নেহৰুক গান্ধীৰ স্বাভাৱিক উত্তৰাধিকাৰী হিচাপে মানি লৈছিল।
eng_Latn
asm_Beng
Indian, British, and world opinion increasingly recognised the legitimacy of the claims by the Congress party for independence.
ভাৰতীয়, ব্ৰিটিছ আৰু বিশ্ব মতবাদে স্বাধীনতা সন্দৰ্ভত কংগ্ৰেছ দলৰ দাবীৰ বৈধতাক ক্ৰমান্বয়ে স্বীকৃতি দিছিল।
eng_Latn
asm_Beng
The Congress asked the people of India to observe 26January as Independence Day.
কংগ্ৰেছে ভাৰতবাসীক ২৬ জানুৱাৰীৰ দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰিবলৈ আহ্বান জনাইছিল।
eng_Latn
asm_Beng
Earlier, after addressing a huge meeting and leading a vast procession, he had ceremoniously manufactured some contraband salt.
ইয়াৰ পূৰ্বে এখন বিশাল সভাত ভাষণ দিয়াৰ পাছত আৰু এক বিশাল শোভাযাত্ৰাৰ নেতৃত্ব দিয়াৰ পাছত তেওঁ আনুষ্ঠানিকভাৱে কিছু পৰিমাণৰ নিষিদ্ধ নিমখ উৎপাদন কৰিছিল।
eng_Latn
asm_Beng
To unify the vast Mughal state, Akbar established a centralised system of administration throughout his empire and adopted a policy of conciliating conquered rulers through marriage and diplomacy.
বিশাল মোগল ৰাজ্যক একত্ৰিত কৰিবলৈ আকবৰে তেওঁৰ সমগ্ৰ সাম্ৰাজ্যত এক কেন্দ্ৰীয় প্ৰশাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল আৰু বিবাহ আৰু কূটনীতিৰ জৰিয়তে বিজয়ী শাসকসকলৰ সৈতে মিত্রতা স্থাপন কৰাৰ নীতি গ্ৰহণ কৰিছিল।
eng_Latn
asm_Beng
To preserve peace and order in a religiously and culturally diverse empire, he adopted policies that won him the support of his non-Muslim subjects.
ধৰ্মীয় আৰু সাংস্কৃতিকভাৱে বৈচিত্ৰ্যপূৰ্ণ এখন সাম্ৰাজ্যত শান্তি-শৃংখলা বজাই ৰাখিবলৈ তেওঁ এনে কিছুমান নীতি গ্ৰহণ কৰিছিল যিবোৰে তেওঁক অমুছলমান প্ৰজাৰ সমৰ্থন লাভ কৰাত সহায় কৰিছিল।
eng_Latn
asm_Beng
Though Nehru never joined the group, he acted as a bridge between them and Gandhi.
যদিও নেহৰুৱে কেতিয়াও দলটোত যোগদান কৰা নাছিল, তেওঁ তেওঁলোকৰ আৰু গান্ধীৰ মাজত এক সেতু হিচাপে কাম কৰিছিল।
eng_Latn
asm_Beng
Bachchan embraces the character's many idiosyncrasies, never once slipping into caricature while all along delivering big laughs, thanks to his spot-on comic timing.
বচ্চনে চৰিত্রটোৰ বহুতো স্বকীয়তাক অকোঁৱালি লৈছিল, আৰু তেওঁৰ নিখুঁত হাস্যৰসৰ বাবে তেওঁ কেতিয়াও, এবাৰৰ কাৰণেও অতিৰঞ্জিত নকৰাকৈ হাঁহিৰ যোগান ধৰি আছিল-তেওঁৰ নিৰ্ভুল হাস্যৰসৰ টাইমিঙৰ বাবে ধন্যবাদ৷
eng_Latn
asm_Beng
He bickers with the maids, harrows his hapless helper, and expects that Piku stay unmarried so she can attend to him.
তেওঁ দাসীসকলৰ লগত কাজিয়া কৰে, তেওঁৰ দুৰ্ভগীয়া সহায়কক দিগদাৰি দিয়ে, আৰু আশা কৰে যে পিকু অবিবাহিত হৈ থাকক যাতে তাই তেওঁক চোৱা-চিতা কৰিব পাৰে।
eng_Latn
asm_Beng
In 1766 Mysore began to become drawn into territorial and diplomatic disputes between the Nizam of Hyderabad and the East India Company, which had by then become the dominant European power on the Eastern Indian coast.
১৭৬৬ চনত মহীশূৰ হায়দৰাবাদৰ নিজাম আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত আঞ্চলিক আৰু কূটনৈতিক বিবাদৰ ভিতৰলৈ আহিবলৈ আৰম্ভ কৰিছিল যি তেতিয়ালৈকে পূব ভাৰতীয় উপকূলত প্ৰভাৱশালী ইউৰোপীয় শক্তি হৈ পৰিছিল।
eng_Latn
asm_Beng
One of Hindal's jagir was given to his nephew, Akbar, who was appointed as its viceroy and was also given the command of his uncle's army.
হিন্দলৰ এটা জাগিৰ তেওঁৰ ভতিজা আকবৰক দিয়া হৈছিল, যিজনক ইয়াৰ শাসনকৰ্ত্তা হিচাপে নিযুক্তি দিয়া হৈছিল আৰু তেওঁক তেওঁৰ খুৰাকৰ সৈন্যবাহিনীৰ দায়িত্বও দিয়া হৈছিল।
eng_Latn
asm_Beng
About the time of nine-year-old Akbar's first appointment, as governor of Ghazni, he married Hindal's daughter, Ruqaiya Sultan Begum.
ন বছৰীয়া আকবৰক গজনীৰ ৰাজ্যপাল হিচাপে প্ৰথম নিযুক্তি দিয়াৰ সময়ত তেওঁ হিন্দালৰ জীয়ৰী ৰুকাইয়া চুলতান বেগমক বিয়া কৰাইছিল।
eng_Latn
asm_Beng
This, however, did not hinder his search for knowledge as it is always said when he retired in the evening he would have someone read.
অৱশ্যে, এইটোৱে তেওঁৰ জ্ঞানৰ সন্ধানত বাধা দিয়া নাছিল কিয়নো সদায়ে কোৱা হয় যে তেওঁ সন্ধিয়া অৱসৰ লোৱাৰ সময়ত তেওঁ কাৰোবাক পঢ়োৱাইছিল।
eng_Latn
asm_Beng
Jinnah's statements that the Muslim League was the third and "equal partner" within Indian politics were widely rejected.
মুছলিম লীগ ভাৰতীয় ৰাজনীতিৰ তৃতীয় আৰু "সমান অংশীদাৰ" বুলি জিন্নাই কৰা মন্তব্য ব্যাপকভাৱে প্ৰত্যাখ্যান কৰা হৈছিল।
eng_Latn
asm_Beng
By abolishing the sectarian tax on non-Muslims and appointing them to high civil and military posts, he was the first Mughal ruler to win the trust and loyalty of the native subjects.
তেওঁ অমুছলমানসকলৰ ওপৰত থকা সাম্প্ৰদায়িক কৰ বিলুপ্ত কৰি উচ্চ অসামৰিক আৰু সামৰিক পদত নিযুক্তি দি থলুৱা প্ৰজাৰ আস্থা আৰু আনুগত্য লাভ কৰা প্ৰথমজন মোগল শাসক আছিল ।
eng_Latn
asm_Beng
He created a powerful military system and instituted effective political and social reforms.
তেওঁ এক শক্তিশালী সামৰিক ব্যৱস্থাৰ সৃষ্টি কৰিছিল আৰু কাৰ্যকৰী ৰাজনৈতিক আৰু সামাজিক সংস্কাৰ সাধন কৰিছিল।
eng_Latn
asm_Beng
Akbar's reign significantly influenced the course of Indian history.
আকবৰৰ ৰাজত্বকালৰ সময়চোৱাই ভাৰতীয় ইতিহাসক যথেষ্ট প্ৰভাৱিত কৰিছিল।
eng_Latn
asm_Beng
Damaji refused to sign an agreement, stating that he was only a subordinate, and asked Balaji Rao to consult Umabai.
দামাজীয়ে নিজকে কেৱল এজন অধীনস্থ বুলি উল্লেখ কৰি চুক্তি স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু বালাজী ৰাওক উমাবাইৰ ওচৰ চাপিবলৈ কৈছিল।
eng_Latn
asm_Beng
Disillusioned with orthodox Islam and perhaps hoping to bring about religious unity within his empire, Akbar promulgated Din-i-Ilahi, a syncretic creed derived mainly from Islam and Hinduism as well as some parts of Zoroastrianism and Christianity.
ইছলামৰ গোঁড়ামীৰ প্ৰতি মোহভঙ্গ হৈ আৰু সম্ভৱতঃ তেওঁৰ সাম্ৰাজ্যৰ ভিতৰত ধৰ্মীয় ঐক্য অনাৰ আশাত আকবৰে দিন-ই-ইলাহি প্ৰচাৰ কৰিছিল, যি হৈছে মুখ্যতঃ ইছলাম আৰু হিন্দু ধৰ্মৰ লগতে জৰথ্ৰুষ্ট ধৰ্মপন্থা আৰু খ্ৰীষ্টান ধৰ্মৰ কিছু অংশৰ পৰা উদ্ভৱ হোৱা এক সংমিশ্ৰিত ধৰ্ম।
eng_Latn
asm_Beng
Timurid and Perso-Islamic culture began to merge and blend with indigenous Indian elements, and a distinct Indo-Persian culture emerged characterized by Mughal style arts, painting, and architecture.
টাইমুৰিদ আৰু পাৰ্চ’-ইছলামিক সংস্কৃতিৰ মাজত থলুৱা ভাৰতীয় উপাদানৰ সৈতে সংমিশ্ৰণ আৰু মিলা-মিচা হ’বলৈ ধৰিলে আৰু মোগল শৈলীৰ কলা, চিত্ৰকলা, স্থাপত্যৰ দ্বাৰা এক সুকীয়া ভাৰত-পাৰ্চিয়ান সংস্কৃতিৰ উদ্ভৱ হ'ল।
eng_Latn
asm_Beng
He also encouraged bookbinding to become a high art.
তেওঁ কিতাপ বন্ধোৱা কাৰ্যকো এক উন্নত কলা হিচাপে গঢ়ি তুলিবলৈ উৎসাহিত কৰিছিল।
eng_Latn
asm_Beng
He did much of the cataloging himself through three main groupings.
তেওঁ তিনিটা মুখ্য গোটৰ জৰিয়তে নিজকে তালিকাভুক্ত কৰাৰ বেছিভাগ কাম কৰিছিল।
eng_Latn
asm_Beng
He was fond of literature, and created a library of over 24,000 volumes written in Sanskrit, Urdu, Persian, Greek, Latin, Arabic and Kashmiri, staffed by many scholars, translators, artists, calligraphers, scribes, bookbinders and readers.
তেওঁ সাহিত্যৰ প্ৰতি যথেষ্ট আকৰ্ষিত আছিল আৰু সংস্কৃত, উৰ্দু, পাৰ্চী, গ্ৰীক, লেটিন, আৰবী আৰু কাশ্মীৰী ভাষাত ৰচিত ২৪,০০০তকৈ অধিক গ্ৰন্থৰ এটা পুথিভঁৰাল নিৰ্মাণ কৰিছিল, য'ত বহু পণ্ডিত, অনুবাদক, শিল্পী, চাৰুলিপিকাৰ, সুলেখক, কিতাপ বন্ধোৱা ব্যক্তি আৰু পাঠক আছিল।
eng_Latn
asm_Beng
Akbar himself was a patron of art and culture.
আকবৰ নিজেই এজন কলা আৰু সংস্কৃতিৰ পৃষ্ঠপোষক আছিল।
eng_Latn
asm_Beng
Mughal India developed a strong and stable economy, leading to commercial expansion and greater patronage of culture.
মোগলসকলে ভাৰতত এক শক্তিশালী আৰু সুস্থিৰ অৰ্থনীতি বিকশিত কৰিছিল, যাৰ ফলত বাণিজ্যিক সম্প্ৰসাৰণ আৰু সাংস্কৃতিক ক্ষেত্ৰত অধিক পৃষ্ঠপোষকতা লাভ কৰিছিল।
eng_Latn
asm_Beng
Balaji Rao demanded from him half of Gujarat's territories in addition to a war indemnity of 2,500,000.
বালাজী ৰাওৱে তেওঁৰ পৰা ২,৫০০,০০০ টকাৰ যুদ্ধ ক্ষতিপূৰণৰ উপৰিও গুজৰাটৰ আধা ভূখণ্ড দাবী কৰিছিল।
eng_Latn
asm_Beng
Gaekwad was compelled to declare ceasefire and meet Balaji Rao to discuss the terms of a peace treaty.
গাইকোৱাড়ে যুদ্ধবিৰতি ঘোষণা কৰিবলৈ আৰু বালাজী ৰাওক সাক্ষাৎ কৰি শান্তি চুক্তিৰ চৰ্তসমূহৰ সন্দৰ্ভত আলোচনা কৰিবলৈ বাধ্য হৈছিল।
eng_Latn
asm_Beng
Following a brief confrontation, however, Muhammad Hakim accepted Akbar's supremacy and retreated back to Kabul.
অৱশ্যে এক চমু সংঘৰ্ষৰ পিছত মহম্মদ হাকিমে আকবৰৰ আধিপত্যক স্বীকাৰ কৰিলে আৰু কাবুললৈ পিছুৱাই গ'ল।
eng_Latn
asm_Beng
They too were slain and driven out of the empire.
তেওঁলোককো হত্যা কৰা হৈছিল আৰু সাম্ৰাজ্যৰ পৰা খেদি পঠিওৱা হৈছিল।
eng_Latn
asm_Beng
Several Uzbek chieftains were subsequently slain and the rebel leaders trampled to death under elephants.
পৰৱৰ্তী সময়ত কেইবাজনো উজবেক মুখীয়ালক হত্যা কৰা হৈছিল আৰু বিদ্ৰোহী নেতাসকলক হাতীৰে গচকাই হত্যা কৰা হৈছিল।
eng_Latn
asm_Beng
Following a third revolt with the proclamation of Mirza Muhammad Hakim, Akbar's brother and the Mughal ruler of Kabul, as emperor, his patience was finally exhausted.
আকবৰৰ ভাতৃ তথা কাবুলৰ মোগল শাসক মিৰ্জা মহম্মদ হাকিমক সম্ৰাট হিচাপে ঘোষণা কৰাৰ লগে লগে হোৱা তৃতীয়টো বিদ্ৰোহৰ পিছত অৱশেষত তেওঁৰ ধৈৰ্য্যৰ সীমা চেৰাই যায়।
eng_Latn
asm_Beng
Akbar now sought to eliminate the threat of over-mighty subjects.
আকবৰে এতিয়া প্রবল পৰাক্রমী লোকসকলৰ ভাবুকি দূৰ কৰিবলৈ চেষ্টা কৰিছিল।
eng_Latn
asm_Beng
Still alive, Adham Khan was dragged up and thrown to the courtyard once again by Akbar to ensure his death.
তেতিয়াও জীয়াই থকা আধাম খানক আকবৰে তেওঁৰ মৃত্যু নিশ্চিত কৰিবলৈ আকৌ এবাৰ ওপৰলৈ উঠাই নি চোতাললৈ দলিয়াই দিছিল।
eng_Latn
asm_Beng
At its 1936 Lucknow session, despite opposition from the newly elected Nehru as the party president, the Congress party agreed to contest the provincial elections to be held in 1937 under the Government of India Act 1935.
১৯৩৬ চনৰ লক্ষ্ণৌ অধিৱেশনত দলৰ নৱনিৰ্বাচিত সভাপতি নেহৰুৰ বিৰোধিতা সত্ত্বেও কংগ্ৰেছ দলে ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ অধীনত ১৯৩৭ চনত অনুষ্ঠিত হ’বলগীয়া প্ৰাদেশিক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সন্মত হৈছিল।
eng_Latn
asm_Beng
When Adham Khan confronted Akbar following another dispute in 1562, he was struck down by the emperor and thrown from a terrace into the palace courtyard at Agra.
১৫৬২ চনত যেতিয়া আধাম খানে আন এটা বিবাদৰ পিছত আকবৰৰ সৈতে মুখামুখি হৈছিল, তেতিয়া তেওঁক সম্ৰাটে আঘাত কৰিছিল আৰু এখন চাদৰ পৰা আগ্ৰাৰ ৰাজপ্ৰাসাদৰ চোতাললৈ দলিয়াই দিছিল।
eng_Latn
asm_Beng
Baz Bahadur survived as a refugee at various courts until, eight years later in 1570, he took service under Akbar.
বাজ বাহাদুৰে আঠ বছৰৰ পিছত ১৫৭০ চনত আকবৰৰ অধীনত সেৱা গ্ৰহণ কৰালৈকে বিভিন্ন আদালতত শৰণাৰ্থী হিচাপে জীৱন নিৰ্বাহ কৰি আছিল।
eng_Latn
asm_Beng
Pir Muhammad Khan was then sent in pursuit of Baz Bahadur but was beaten back by the alliance of the rulers of Khandesh and Berar.
সেই সময়ত পীৰ মহম্মদ খানক বাজ বাহাদুৰৰ অনুসন্ধানত পঠোৱা হৈছিল কিন্তু খানদেশ আৰু বেৰাৰৰ শাসকসকলৰ মিত্ৰতাই তেওঁক উভতি আহিবলৈ বাধ্য কৰাইছিল।
eng_Latn
asm_Beng
His foster brother retained all the spoils and followed through with the Central Asian practice of slaughtering the surrendered garrison, their wives and children, and many Muslim theologians and Sayyids, who were the descendants of Muhammad.
তেওঁৰ তোলনীয়া ভাতৃয়ে সকলো লুণ্ঠন বজাই ৰাখিছিল আৰু আত্মসমৰ্পণকাৰী গেৰিচন, তেওঁলোকৰ পত্নী আৰু সন্তান আৰু মহম্মদৰ বংশৰ বহুতো মুছলমান ধৰ্মবিদ আৰু চৈয়দক হত্যা কৰাৰ মধ্য এছিয়াৰ প্ৰথা অনুসৰণ কৰিছিল।
eng_Latn
asm_Beng
He then joined Trimbakrao, who had been keeping a watch on Gaekwad's army.
তাৰপিছত তেওঁ গাইকোৱাড় সেনাৰ ওপৰত চকু দি থকা ত্ৰিম্বকাৰাওৰ লগ হৈছিল।
eng_Latn
asm_Beng
He reached Satara on 24 April, and stormed the Yavateshwar garrison, defeating Tarabai's forces.
২৪ এপ্ৰিলত তেওঁ ছাতাৰাত উপস্থিত হৈছিল আৰু য়ৱতেশ্বৰ দুৰ্গৰক্ষী বাহিনীক আক্ৰমণ কৰি তাৰাবাইৰ বাহিনীক পৰাস্ত কৰিছিল।
eng_Latn
asm_Beng
The Afghan ruler, Baz Bahadur, was defeated at the Battle of Sarangpur and fled to Khandesh for refuge leaving behind his harem, treasure, and war elephants.
আফগান শাসক বাজ বাহাদুৰে সাৰংপুৰৰ যুদ্ধত পৰাজিত হৈ নিজৰ হাৰেম, ধন-সম্পত্তি, যুদ্ধৰ হাতী আদি এৰি আশ্ৰয় বিচাৰি খানদেশলৈ পলায়ন কৰিছিল।
eng_Latn
asm_Beng
Akbar forgave him, however, and gave him the option of either continuing in his court or resuming his pilgrimage; Bairam chose the latter.
অৱশ্যে আকবৰে তেওঁক ক্ষমা কৰি তেওঁক হয় তেওঁৰ ৰাজসভাত থাকিবলৈ বা পুনৰ তীৰ্থযাত্ৰা আৰম্ভ কৰাৰ বিকল্প দিছিল; বৈৰামে পিছৰটো বাছনি কৰিছিল।
eng_Latn
asm_Beng
Urged on by his foster mother, Maham Anga, and his relatives, Akbar decided to dispense with the services of Bairam Khan.
আকবৰে নিজৰ ধাই মাতৃ মহাম আংগা আৰু তেওঁৰ আত্মীয়-স্বজনৰ অনুৰোধ মৰ্মে বৈৰাম খানৰ সেৱাৰ পৰা আতৰি থকাৰ সিদ্ধান্ত লয়।
eng_Latn
asm_Beng
He led the task of forging a united India, successfully integrating into the newly independent nation those British colonial provinces that formed the Dominion of India.
তেওঁ এখন ঐক্যবদ্ধ ভাৰত গঢ়াৰ কামৰ নেতৃত্ব দিছিল, ভাৰতৰ সাৰ্বভৌমত্ব গঠন কৰা সেই ব্ৰিটিছ ঔপনিৱেশিক প্ৰদেশসমূহক সফলতাৰে নতুনকৈ স্বাধীন হোৱা ৰাষ্ট্ৰৰ সৈতে একত্ৰিত কৰিছিল।
eng_Latn
asm_Beng
By 1559, the Mughals had launched a drive to the south into Rajputana and Malwa.
১৫৫৯ চনলৈ মোগলসকলে দক্ষিণ দিশত ৰাজপুতানা আৰু মালৱাত অভিযান আৰম্ভ কৰিছিল।
eng_Latn
asm_Beng
In 1558, Akbar took possession of Ajmer, the aperture to Rajputana, after the defeat and flight of its Muslim ruler.
১৫৫৮ চনত ইয়াৰ মুছলমান শাসকৰ পৰাজয় আৰু পলায়নৰ পিছত আকবৰে ৰাজপুতানালৈ যোৱা সুৰংগ পথ আজমেৰ দখল কৰিছিল।
eng_Latn
asm_Beng
Akbar and his forces occupied Lahore and then seized Multan in the Punjab.
আকবৰ আৰু তেওঁৰ বাহিনীয়ে লাহোৰ দখল কৰাৰ পিছত পঞ্জাৱৰ মুলতান দখল কৰিছিল।
eng_Latn
asm_Beng
Then he and Bairam Khan returned to Punjab to deal with Sikandar Shah, who had become active again.
তাৰ পিছত তেওঁ আৰু বৈৰাম খান পুনৰ সক্ৰিয় হৈ পৰা ছিকন্দৰ শ্বাহৰ সৈতে মোকাবিলা কৰিবলৈ পঞ্জাৱলৈ উভতি যায়।
eng_Latn
asm_Beng
Delhi was left under the regency of Tardi Baig Khan.
দিল্লীক টাৰ্ডি বেগ খানৰ ৰাজপ্ৰতিনিধিত্বৰ অধীনত এৰি দিয়া হৈছিল।
eng_Latn
asm_Beng
One of Mahatma Gandhi's earliest political lieutenants, he organised peasants from Kheda, Borsad, and Bardoli in Gujarat in non-violent civil disobedience against the British Raj, becoming one of the most influential leaders in Gujarat.
মহাত্মা গান্ধীৰ প্ৰাৰম্ভিক ৰাজনৈতিক লেফটেনেণ্টসকলৰ মাজৰ এজন হিচাপে তেওঁ গুজৰাটৰ খেদা, বৰচাদ আৰু বৰদোৱালীৰ কৃষকসকলক ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে অহিংস আইন অমান্য কৰি গুজৰাটৰ অন্যতম প্রভাৱশালী নেতা হিচাপে পৰিগণিত হৈছিল।
eng_Latn
asm_Beng
Udai Singh retired to the hills of Mewar, leaving two Rajput warriors, Jaimal and Patta, in charge of the defence of his capital.
উদয় সিঙে দুজন ৰাজপুত যোদ্ধা জয়মল আৰু পাট্টাক তেওঁৰ ৰাজধানীৰ সুৰক্ষাৰ দায়িত্ব দি অৱসৰ লৈ মেৱাৰৰ পাহাৰলৈ যায়।
eng_Latn
asm_Beng
Akbar's father Humayun had regained control of the Punjab, Delhi, and Agra with Safavid support, but even in these areas Mughal rule was precarious, and when the Surs reconquered Agra and Delhi following the death of Humayun, the fate of the boy emperor seemed uncertain.
আকবৰৰ পিতৃ হুমায়ুনে ছফাৱীদসকলৰ সমৰ্থনত পঞ্জাৱ, দিল্লী, আগ্ৰাৰ ওপৰত পুনৰ নিয়ন্ত্ৰণ লাভ কৰিছিল যদিও এই অঞ্চলসমূহতো মোগলৰ শাসন সুৰক্ষিত নাছিল আৰু হুমায়ুনৰ মৃত্যুৰ পিছত যেতিয়া সুৰসকলে আগ্ৰা আৰু দিল্লী পুনৰ জয় কৰিছিল, তেতিয়া ল’ৰা ৰজাৰ ভৱিষ্যত অনিশ্চিত যেন লাগিছিল।
eng_Latn
asm_Beng
Mughal power has been seen as owing to their mastery of the techniques of warfare, especially the use of firearms encouraged by Akbar.
মোগল শক্তি সমৰ কলাৰ নিপুণতাৰ বাবে বিশেষকৈ আকবৰে উৎসাহিত কৰা আগ্নেয়াস্ত্ৰৰ ব্যৱহাৰৰ দ্বাৰা বিখ্যাত হৈছিল।
eng_Latn
asm_Beng
He sought the help of Ottomans, and also increasingly of Europeans, especially Portuguese and Italians, in procuring firearms and artillery.
তেওঁ অটোমানসকলৰ সহায় বিচাৰিছিল আৰু লগতে আগ্নেয়াস্ত্ৰ আৰু তোপ ক্ৰয় কৰাৰ ক্ষেত্ৰত ইউৰোপীয়, বিশেষকৈ পৰ্তুগীজ আৰু ইটালিয়ানসকলৰ সহায় বিচাৰিছিল।
eng_Latn
asm_Beng
The system persisted with few changes down to the end of the Mughal Empire, but was progressively weakened under his successors.
এই ব্যৱস্থাটো মোগল সাম্ৰাজ্যৰ শেষলৈকে কিছু পৰিৱৰ্তনৰ মাজেৰে স্থায়ী হৈ আছিল, কিন্তু তেওঁৰ উত্তৰাধিকাৰীসকলৰ অধীনত ক্ৰমান্বয়ে ব্যৱস্থাটো দুৰ্বল হৈ পৰিছিল।
eng_Latn
asm_Beng
He acted as the Home Minister during the political integration of India and the Indo-Pakistani War of 1947.
ভাৰতৰ ৰাজনৈতিক সংহতি আৰু ১৯৪৭ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়ত তেওঁ গৃহমন্ত্ৰী হিচাপে কাম কৰিছিল।
eng_Latn
asm_Beng
With Shuja and Murad disposed of, and with his father immured in Agra, Aurangzeb pursued Dara Shikoh, chasing him across the north-western bounds of the empire.
শ্বুজা আৰু মুৰাদৰ পতনৰ লগে লগে আৰু তেওঁৰ দেউতাকক আগ্ৰাত বন্দী কৰাৰ লগে লগে ঔৰঙ্গজেবে দাৰা শ্বিকোহক পাছে পাছে খেদি নি তেওঁক সাম্ৰাজ্যৰ উত্তৰ-পশ্চিম সীমা পাৰ কৰি পঠিয়াইছিল।
eng_Latn
asm_Beng
Sometime later, the Dabhades were also arrested, and deprived of their jagirs and titles.
কিছুদিন পিছত দভাদেসকলকো আটক কৰা হৈছিল আৰু তেওঁলোকৰ জাগিৰ আৰু উপাধিৰ পৰা বঞ্চিত কৰা হৈছিল।
eng_Latn
asm_Beng
On 14 September 1752, the two took oaths at Khandoba temple in Jejuri, promising mutual peace.
১৭৫২ চনৰ ১৪ ছেপ্টেম্বৰত দুয়োজনে পাৰস্পৰিক শান্তিৰ প্ৰতিশ্ৰুতি দি জেজুৰিৰ খাণ্ডোবা মন্দিৰত শপত গ্ৰহণ কৰিছিল।
eng_Latn
asm_Beng
The assassin was apprehended and ordered to be beheaded by the Emperor.
হত্যাকাৰীজনক আটক কৰা হৈছিল আৰু সম্ৰাটে শিৰচ্ছেদ কৰিবলৈ নিৰ্দেশ দিছিল।
eng_Latn
asm_Beng
Although she crushed the mutiny, she realized that it would be difficult to continue the fight against Balaji Rao.
যদিও তেওঁ বিদ্ৰোহটো দমন কৰিছিল, তথাপিও তেওঁ উপলব্ধি কৰিছিল যে বালাজী ৰাওৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাটো কঠিন হ’ব।
eng_Latn
asm_Beng
He was precipitously forced out of Seringapatam, leaving his family, including his son Tipu Sultan, under house arrest.
তেওঁক ছেৰিঙ্গাপটমৰ পৰা হুৰমূৰকৈ বাহিৰলৈ যাবলৈ বাধ্য কৰা হৈছিল, যাৰ ফলত তেওঁৰ পুত্ৰ টিপু চুলতানকে ধৰি তেওঁৰ পৰিয়ালটো গৃহবন্দী হ'ব লগা হৈছিল।
eng_Latn
asm_Beng
He was very cautious in his diplomacy with the Nizam of Hyderabad, who was, according to an official Mughal firman, the sovereign of all Muslim-ruled territories in southern India.
এক চৰকাৰী মোগল ফাৰ্মানৰ মতে তেওঁ হায়দৰাবাদৰ নিজামৰ সৈতে তেওঁৰ কূটনীতিত অতি সতৰ্ক আছিল, যি দক্ষিণ ভাৰতৰ সকলো মুছলমান শাসিত অঞ্চলৰ সাৰ্বভৌম ৰজা আছিল।
eng_Latn
asm_Beng
The attempt was made when Akbar was returning from a visit to the dargah of Hazrat Nizamuddin near Delhi, by an assassin shooting an arrow.
দিল্লীৰ সমীপৰ হজৰত নিজামুদ্দিনৰ দৰগাহ ভ্ৰমণৰ পৰা উভতি অহাৰ সময়তে আকবৰক এজন হত্যাকাৰীয়ে কাঁড় মাৰি হত্যাৰ চেষ্টা কৰিছিল।
eng_Latn
asm_Beng
He did not leave Fatehpur Sikri on a military campaign until 1581, when Punjab was again invaded by his brother, Mirza Muhammad Hakim.
১৫৮১ চনত তেওঁৰ ভাতৃ মিৰ্জা মহম্মদ হাকিমে পুনৰ পঞ্জাৱত আক্ৰমণ কৰালৈকে তেওঁ ফতেহপুৰ ছিক্ৰীৰ সামৰিক অভিযান এৰি যোৱা নাছিল।
eng_Latn
asm_Beng
He went first to the Uzbeks, then returned to Gondwana where he was pursued by Mughal forces.
তেওঁ প্ৰথমে উজবেকসকলৰ ওচৰলৈ গৈছিল, তাৰ পিছত গণ্ডৱানালৈ উভতি যায়, য'ত মোগল বাহিনীয়ে তেওঁক অনুসৰণ কৰিছিল।
eng_Latn
asm_Beng
The son of Motilal Nehru, a prominent lawyer and Indian nationalist, Jawaharlal Nehru was educated in Englandat Harrow School and Trinity College, Cambridge, and trained in the law at the Inner Temple.
বিশিষ্ট অধিবক্তা তথা ভাৰতীয় জাতীয়তাবাদী নেতা মতিলাল নেহৰুৰ পুত্ৰ জৱাহৰলাল নেহৰুৱে ইংলেণ্ডেট হেৰ’ স্কুল আৰু কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজত শিক্ষা গ্ৰহণ কৰি ইনাৰ টেম্পলত আইনৰ শিক্ষা লাভ কৰিছিল।
eng_Latn
asm_Beng
The fortress-capital of Mewar was of great strategic importance as it lay on the shortest route from Agra to Gujarat and was also considered a key to holding the interior parts of Rajputana.
আগ্ৰাৰ পৰা গুজৰাটলৈ যোৱা আটাইতকৈ চুটি পথত থকাৰ বাবে মেৱাৰৰ দুৰ্গ-ৰাজধানীখন কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ আছিল আৰু ইয়াক ৰাজপুতানাৰ অভ্যন্তৰীণ অংশবোৰ ধৰি ৰখাৰ চাবিকাঠি হিচাপেও গণ্য কৰা হৈছিল।
eng_Latn
asm_Beng
In 1567, Akbar moved to reduce the Chittor Fort in Mewar.
১৫৬৭ চনত আকবৰে মেৱাৰৰ চিট্টোৰ দুৰ্গ নিঃশেষ কৰিবলৈ আগবাঢ়িছিল।
eng_Latn
asm_Beng
Beginning in 1561, the Mughals actively engaged the Rajputs in warfare and diplomacy.
১৫৬১ চনৰ পৰা আৰম্ভ কৰি মোগলসকলে ৰাজপুতসকলক যুদ্ধ আৰু কূটনীতিত সক্ৰিয়ভাৱে জড়িত কৰি ৰাখিছিল।
eng_Latn
asm_Beng
No imperial power in India based on the Indo-Gangetic plains could be secure if a rival centre of power existed on its flank in Rajputana.
যদিহে ৰাজপুতানাৰ সীমাৰ ফালে ক্ষমতাৰ প্ৰতিদ্বন্দী কেন্দ্ৰ থাকে তেন্তে সিন্ধু-গংগা সমভূমিৰ ওপৰত ভিত্তি কৰি ভাৰতত কোনো সাম্ৰাজ্যিক শক্তি সুৰক্ষিত হ'ব নোৱাৰে।
eng_Latn
asm_Beng
Having established Mughal rule over northern India, Akbar turned his attention to the conquest of Rajputana.
উত্তৰ ভাৰতত মোগল শাসন প্ৰতিষ্ঠা কৰাৰ পিছত আকবৰে ৰাজপুতানা বিজয়ৰ প্ৰতি মন মেলিছিল।
eng_Latn
asm_Beng
The culprit was a slave of Mirza Sharfuddin, a noble in Akbar's court whose rebellion had recently been curbed.
অপৰাধীজন আকবৰ দৰবাৰৰ এগৰাকী সম্ভ্রান্ত ব্যক্তি মিৰ্জা শ্বৰফুদ্দিনৰ দাস আছিল, যিজনৰ বিদ্রোহ শেহতীয়াকৈ দমন কৰা হৈছিল।
eng_Latn
asm_Beng
Finally, he submitted and Akbar restored him to his previous position.
অৱশেষত তেওঁ আত্মসমৰ্পণ কৰিলে আৰু আকবৰে তেওঁক পূৰ্বৰ পদত পুনৰ অধিষ্ঠিত কৰিলে।
eng_Latn
asm_Beng
Kamala Devi, a younger sister of Durgavati, was sent to the Mughal harem.
দুৰ্গাৱতীৰ সৰু ভনীয়েক কমলা দেৱীক মোগল হাৰেমলৈ পঠিওৱা হৈছিল।
eng_Latn
asm_Beng
However, from that time on, the benchmark of his economic view remained Marxist, adapted, where necessary, to Indian circumstances.
তথাপিও, সেই সময়ৰ পৰাই তেওঁৰ অৰ্থনৈতিক দৃষ্টিভংগীৰ মানদণ্ড প্ৰয়োজন সাপেক্ষে ভাৰতীয় পৰিস্থিতিৰ লগত খাপ খোৱাকৈ মাৰ্ক্সবাদী হৈয়েই থাকিল।
eng_Latn
asm_Beng
Appealed by its ideas but repelled by some of its tactics, he never could bring himself to buy Karl Marx's words as revealed gospel.
ইয়াৰ চিন্তাধাৰাৰ দ্বাৰা আকৰ্ষিত হৈ কিন্তু ইয়াৰ কিছুমান কৌশলৰ দ্বাৰা বিতৃষ্ণাপূৰ্ণ হৈ তেওঁ কেতিয়াও কাৰ্ল মাৰ্ক্সৰ উক্তিবোৰ কিনিব নোৱাৰিলে।
eng_Latn
asm_Beng
Time later spent incarcerated enabled him to research Marxism more deeply.
পিছলৈ কাৰাগাৰত কটোৱা সময়খিনিয়ে তেওঁক মাৰ্ক্সবাদৰ বিষয়ে অধিক গভীৰভাৱে গৱেষণা কৰিবলৈ সক্ষম কৰি তুলিছিল।
eng_Latn
asm_Beng
It's the visit that sparked his interest in Marxism and his socialist thought pattern.
এই ভ্ৰমণেই তেওঁৰ মাৰ্ক্সবাদ আৰু সমাজবাদী চিন্তাধাৰাৰ প্ৰতি আগ্ৰহ জগাই তুলিছিল।
eng_Latn
asm_Beng
Nehru remarked about the unprecedented popular response, "it seemed as though a spring had been suddenly released".
নেহৰুৱে অভূতপূৰ্ব জনপ্ৰিয় সঁহাৰিৰ বিষয়ে মন্তব্য কৰি কয় যে, "এনে লাগিছিল যেন হঠাতে এটা বসন্ত আৱিৰ্ভাৱ হ'ল"।
eng_Latn
asm_Beng
The fall of Chittorgarh was followed up by a Mughal attack on the Ranthambore Fort in 1568.
চিতোৰগড়ৰ পতনৰ পিছত ১৫৬৮ চনত ৰণথামবোৰ দুৰ্গত মোগলসকলে আক্ৰমণ কৰিছিল।
eng_Latn
asm_Beng
Most of the Rajput kings had submitted to the Mughals.
অধিকাংশ ৰাজপুত ৰজা মোগলসকলৰ অধীনত আছিল।
eng_Latn
asm_Beng
Akbar slew the rebel leaders and erected a tower out of their severed heads.
আকবৰে বিদ্ৰোহী নেতাসকলক বধ কৰি তেওঁলোকৰ কটা মূৰেৰে এটা মিনাৰ নিৰ্মাণ কৰিছিল।
eng_Latn
asm_Beng
He was defeated by the Mughal general, Khan Jahan Quli, and had to flee into exile.
তেওঁ মোগলৰ সেনাপতি খান জাহান কুলীৰ হাতত পৰাজিত হৈ দেশ এৰি পলাই যাবলগীয়া হৈছিল।
eng_Latn
asm_Beng
A year later, however, Daud Khan rebelled and attempted to regain Bengal.
কিন্তু এবছৰৰ পাছত দাউদ খানে বিদ্ৰোহ কৰি পুনৰ বংগ দখল কৰাৰ চেষ্টা চলায়।
eng_Latn
asm_Beng
Only Orissa was left in the hands of the Karrani dynasty as a fief of the Mughal Empire.
কেৱল উৰিষ্যাক মোগল সাম্ৰাজ্যৰ কৰতলীয়া হিচাপে কাৰানী ৰাজবংশৰ হাতত এৰি দিয়া হৈছিল।
eng_Latn
asm_Beng
The Mughal army was subsequently victorious at the Battle of Tukaroi in 1575, which led to the annexation of Bengal and parts of Bihar that had been under the dominion of Daud Khan.
পৰৱৰ্তী সময়ত ১৫৭৫ চনত তুকাৰোইৰ যুদ্ধত মোগল সেনা বিজয়ী হয়, ফলত দাউদ খানৰ অধীনত থকা বংগ আৰু বিহাৰৰ কিছু অংশ মোগলৰ দখললৈ যায়।
eng_Latn
asm_Beng
Munim Khan, the Mughal governor of Bihar, was ordered to chastise Daud Khan, but later, Akbar himself set out to Bengal.
বিহাৰৰ মোগল শাসক মুনিম খানক দাউদ খানক শাস্তি দিবলৈ নিৰ্দেশ দিয়া হৈছিল যদিও পিছত আকবৰে নিজেই বংগলৈ ৰাওনা হৈছিল।
eng_Latn
asm_Beng
While Sulaiman Khan scrupulously avoided giving offence to Akbar, his son, Daud Khan, who had succeeded him in 1572, decided otherwise.
যদিও চুলেমান খানে আকবৰক বিৰোধিতা কৰাৰ পৰা বিৰত আছিল, ১৫৭২ চনত উত্তৰাধিকাৰী হোৱা তেওঁৰ পুত্ৰ দাউদ খানে বিৰোধিতা কৰিছিল।
eng_Latn
asm_Beng
The only centre of Afghan power was now in Bengal, where Sulaiman Khan Karrani, an Afghan chieftain whose family had served under Sher Shah Suri, was reigning in power.
এতিয়া আফগান শক্তিৰ একমাত্ৰ কেন্দ্ৰ বংগত আছিল, য'ত এজন আফগান শাসক ছুলেইমান খান কাৰাণীয়ে ৰাজত্ব কৰি আছিল, যাৰ পৰিয়ালে শ্বেৰ শ্বাহ ছুৰিৰ বাবে সেৱা আগবঢ়াইছিল।
eng_Latn
asm_Beng
Akbar had now defeated most of the Afghan remnants in India.
আকবৰে এতিয়া ভাৰতৰ প্ৰায়বোৰ অৱশিষ্ট আফগান ৰাজ্যক পৰাস্ত কৰিছিল।
eng_Latn
asm_Beng
The outnumbered Mughal army then won a decisive victory on September 2, 1573.
১৫৭৩ চনৰ ২ ছেপ্টেম্বৰত অধিক সংখ্যক মোগল সেনাই এক নিৰ্ণায়ক বিজয় লাভ কৰিছিল।
End of preview. Expand in Data Studio

BPCC Dataset

Training

Bharat Parallel Corpus Collection (BPCC) is a comprehensive and publicly available parallel corpus that includes both existing and new data for all 22 scheduled Indic languages. It is comprised of two parts: BPCC-Mined and BPCC-Human, totaling approximately 230 million bitext pairs. BPCC-Mined contains about 228 million pairs, with nearly 126 million pairs newly added as a part of this work. On the other hand, BPCC-Human consists of 2.2 million gold standard English-Indic pairs, with an additional 644K bitext pairs from English Wikipedia sentences (forming the BPCC-H-Wiki subset) and 139K sentences covering everyday use cases (forming the BPCC-H-Daily subset). It is worth highlighting that BPCC provides the first available datasets for 7 languages and significantly increases the available data for all languages covered.

You can find the contribution from different sources in the following table:

BPCC-Mined Existing Samanantar 19.4M
NLLB 85M
Newly Added Samanantar++ 121.6M
Comparable 4.3M
BPCC-Human Existing NLLB 18.5K
ILCI 1.3M
Massive 115K
Newly Added Wiki 644K
Daily 139K

Additionally, we provide augmented back-translation data generated by our intermediate IndicTrans2 models for training purposes. Please refer our paper for more details on the selection of sample proportions and sources.

English BT data (English Original) 401.9M
Indic BT data (Indic Original) 400.9M

Evaluation

IN22 test set is a newly created comprehensive benchmark for evaluating machine translation performance in multi-domain, n-way parallel contexts across 22 Indic languages. It has been created from three distinct subsets, namely IN22-Wiki, IN22-Web and IN22-Conv. The Wikipedia and Web sources subsets offer diverse content spanning news, entertainment, culture, legal, and India-centric topics. IN22-Wiki and IN22-Web have been combined and considered for evaluation purposes and released as IN22-Gen. Meanwhile, IN22-Conv the conversation domain subset is designed to assess translation quality in typical day-to-day conversational-style applications.

IN22-Gen (IN22-Wiki + IN22-Web) 1024 sentences 🤗 ai4bharat/IN22-Gen
IN22-Conv 1503 sentences 🤗 ai4bharat/IN22-Conv

LICENSE

The following table lists the licenses associated with the different artifacts released as a part of this work:

Artifact LICENSE
Existing Mined Corpora (NLLB & Samanantar) CC0
Existing Seed Corpora (NLLB-Seed, ILCI, MASSIVE) CC0
Newly Added Mined Corpora (Samanantar++ & Comparable) CC0
Newly Added Seed Corpora (BPCC-H-Wiki & BPCC-H-Daily) CC-BY-4.0
Newly Created IN-22 test set (IN22-Gen & IN22-Conv) CC-BY-4.0
Back-translation data (BPCC-BT) CC0
Model checkpoints MIT

The mined corpora collection (BPCC-Mined), existing seed corpora (NLLB-Seed, ILCI, MASSIVE), Backtranslation data (BPCC-BT), are released under the following licensing scheme:

  • We do not own any of the text from which this data has been extracted.
  • We license the actual packaging of this data under the Creative Commons CC0 license (“no rights reserved”).
  • To the extent possible under law, AI4Bharat has waived all copyright and related or neighboring rights to BPCC-Mined, existing seed corpora (NLLB-Seed, ILCI, MASSIVE) and BPCC-BT.

Citation

@article{gala2023indictrans,
title={IndicTrans2: Towards High-Quality and Accessible Machine Translation Models for all 22 Scheduled Indian Languages},
author={Jay Gala and Pranjal A Chitale and A K Raghavan and Varun Gumma and Sumanth Doddapaneni and Aswanth Kumar M and Janki Atul Nawale and Anupama Sujatha and Ratish Puduppully and Vivek Raghavan and Pratyush Kumar and Mitesh M Khapra and Raj Dabre and Anoop Kunchukuttan},
journal={Transactions on Machine Learning Research},
issn={2835-8856},
year={2023},
url={https://openreview.net/forum?id=vfT4YuzAYA},
note={}
}
Downloads last month
589

Collection including ai4bharat/BPCC